close
সমললৈ যাওক

দক্ষিণ কোৰিয়া

অসমীয়া ৱিকিপিডিয়াৰ পৰা
কোৰিয়া প্ৰজাতন্ত্ৰ
Flag of দক্ষিণ কোৰিয়া
Flag
Coat of arms of দক্ষিণ কোৰিয়া
Coat of arms
Motto: 널리 인간세상을 이롭게 하라 (홍익인간)
("সমগ্ৰ মানব জাতিৰ কল্যাণ")
Anthem: 
(애국가; 愛國歌)
("আয়েগুক্গা")
(ইংৰাজী: "Patriotic Song")
Location of দক্ষিণ কোৰিয়া
ৰাজধানী
and largest city
ছিউল
Official languagesকোৰীয় ভাষা
Demonymsদক্ষিণ কোৰিয়ান, কোৰিয়ান, কোৰীয়
Governmentৰাষ্ট্ৰপতি শাসিত প্ৰজাতন্ত্ৰ
 ৰাষ্ট্ৰপতি
মুন জায়ে-ইন
 প্ৰধানমন্ত্ৰী
লি নাক-য়েৱন
প্ৰতিষ্ঠা
 স্বাধীনতাৰ ঘোষণা
১ মাৰ্চ, ১৯১৯ (de jure)
 স্বাধীনতা
১৫ আগষ্ট, ১৯৪৫
 গণৰাজ্য ঘোষণা
১৫ আগষ্ট, ১৯৪৮
 ৰাষ্ট্ৰসংঘৰ স্বীকৃতি(United Nations Recognition)
১২ ডিচেম্বৰ, ১৯৪৮
Area
 Total
1,00,210 বৰ্গ কি.মি. (38,690 বৰ্গ মাইল) (১০৮তম)
 Water (%)
০.৩
Population
 ২০১০ estimate
৪৯,০২৪,৭৩৭ (২৫তম)
 Density
491 /কিমি (1,271.7 /বৰ্গ মাইল) (২১তম)
GDP (PPP)২০১১ estimate
 Total
$১.৫৫৬ ট্ৰিলিয়ন (১৫ম)
 Per capita
$২৪,৫০০ (৩২তম)
HDI (২০১১)বৃদ্ধি ০.৮৯৭[1]
Error: Invalid HDI value (১৫তম)
Currencyৱ'ন (Won) (KRW)
Time zoneUTC+৯ (কোৰিয়া মান সময়)
 Summer (DST)
UTC+৯ (পালন কৰা নহয়)
Date formatyyyy년 mm월 dd일
yyyy/mm/dd
Calling code৮২
Internet TLD.kr
  1. Mobile phone system চি.ডি.এম.এ.(CDMA) আৰু এইচ.এছ.পি.ডি.এ.(HSPDA)
  2. Domestic power supply ২২০V/৬০ Hz, CEE 7/7 sockets

দক্ষিণ কোৰিয়া (ইংৰাজী: South Korea; চৰকাৰী নাম: কোৰিয়া প্ৰজাতন্ত্ৰ) এছিয়া মহাদেশৰ উত্তৰ-পূৱৰ এখন দেশ যাৰ দক্ষিণ অংশটো কোৰিয়া উপদ্বীপৰে গঠিত। কোৰীয় ভাষাত ইয়াৰ নাম 'দেহান মিন্গুক' (শুনক; হানগুল লিপিত লিখা হয়: 대한민국 আৰু হাঞ্জা লিপিত লিখা হয় 大韓民國)। দক্ষিণ কোৰিয়াৰ উত্তৰে উত্তৰ কোৰিয়া, পূবে জাপান সাগৰ, দক্ষিণে তথা দক্ষিণ-পূবে কোৰিয়া প্ৰণালী আৰু পশ্চিমে চীনছিউল হৈছে দক্ষিণ কোৰিয়াৰ বৃহত্তম চহৰ তথা ইয়াৰ ৰাজধানী।

দ্বিতীয় বিশ্বযুদ্ধ শেষত কোৰিয়া উপদ্বীপেৰ উত্তৰ অংশটো ছ'ভিয়েট সংঘৰ সেনা আৰু দক্ষিণ অংশটো আমেৰিকা যুক্তৰাষ্ট্ৰৰ সেনাই দখল কৰি ৰাখিছিল। ইয়াৰপৰাই ১৯৪৮ চনত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া ৰাষ্ট্ৰদ্বয়ৰ আবিৰ্ভাৱ হয়। ১৯৫০-১৯৫৩ চনত হোৱা কোৰিয়া যুদ্ধৰ পাছৰ ধ্বংসপ্ৰায় দক্ষিণ কোৰিয়া ১৯৯০ চনত এক বিশ্বৰ সবাটোকৈ ডাঙৰ অৰ্থনীতিসমূহৰ মাজৰ একোটাত পৰিণত হয় আৰু 'এছিয়ান চাৰি ড্ৰাগন'ত পৰিণত হয়।

অবিভক্ত কোৰিয়া মূলত জাপানীসকলে দখল কৰি ৰাখিছিল। ১৯৪৫ চনত দ্বিতীয় বিশ্বযুদ্ধৰ হাৰিবৰ সময়ত জাপান দেশে ছ'ভিয়েট সংঘৰ ওচৰত আত্মসমৰ্পণ কৰে। তাৰ ফলত অবিভক্ত কোৰিয়া ২টা ভাগত বিভক্ত হয়। এফালে উত্তৰ কোৰিয়া ১৯৫০ চনত সমাজতান্ত্ৰিক দেশ ছ'ভিয়েট সংঘৰ মতে 'সমাজতান্ত্ৰিক ব্লক'ত অংশ লয়, অন্যহাতে দক্ষিণ কোৰিয়া পুঁজিবাদী আমেৰিকা যুক্তৰাষ্ট্ৰৰ মতে ই 'পুঁজিবাদি ব্লক'ত যোগ দান কৰে। তেতিয়াৰ পৰাই কোৰিয়াই দুটা ভিন্ন নাম: উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়া তথা দুটা ভিন্ন অথনৈতিক ব্যৱস্থাত চলিবলৈ আৰম্ভ কৰে। দক্ষিণ কোৰিয়াত আমেৰিকাৰ পুঁজিবাদ আৰু উত্তৰ কোৰিয়াত ছ'ভিয়েট সংঘৰ মতে সমাজতন্ত্ৰবাদ আৰম্ভ হয়। ইয়েই ১৯৪৮ চনত অবিভক্ত কোৰিয়াক বিভক্তিকৰণৰ পথ দেখুৱায়। উত্তৰ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় গণতান্ত্ৰিক কোৰিয়া গণপ্ৰজাতন্ত্ৰ আৰু দক্ষিণ কোৰিয়াৰ চৰকাৰী নাম ৰখা হয় কোৰিয়া প্ৰজাতন্ত্ৰ। উত্তৰ কোৰিয়াৰ ৰাজধানীৰ নাম পিয়ং ইয়াং আৰু দক্ষিণ কোৰিয়াৰ ৰাজধানীৰ নাম ছিউল

শাসন ব্যৱস্থা

[সম্পাদনা কৰক]

দক্ষিণ কোৰিয়াৰ মুখ্য শাসন ব্যৱস্থা সমূহ হৈছে: 'ৰাজ্য' (Province), 'মেট্ৰ'পলিটান মহানগৰ' (Metropolitan city) (যি সমূহ স্বয়ং-শাসিত মহানগৰ কোনো ৰাজ্যৰ অংশ নহয়), এখন 'বিশেষ মহানগৰ' আৰু এখন 'বিশেষ শায়ত্ব শাসিত মহানগৰ' (জুলাই, ২০১২ মতে)।

মানচিত্ৰ (সম্পাদনা)নামহানগুল (Hangul)হাঞ্জা (Hanja)জনসংখ্যা
বিশেষ মহানগৰ সমূহ (Teukbyeolsi)
ছিউল서울특별시서울特別市b9,794,304
বিশেষ শায়ত্ব শাসিত মহানগৰ সমূহ (Teukbyeol-jachisi)
Sejong세종특별자치시世宗特別自治市96,000
মেট্ৰ'পলিটান মহানগৰ সমূহ (Gwangyeoksi)
বুছান부산광역시釜山廣域市3,635,389
Daegu대구광역시大邱廣域市2,512,604
Incheon인천광역시仁川廣域市2,628,000
Daejeon대전광역시大田廣域市1,442,857
Gwangju광주광역시光州廣域市1,456,308
Ulsan울산광역시蔚山廣域市1,087,958
평양 ৰাজ্য (Do)
Gyeonggi경기도京畿道10,415,399
Gangwon강원도江原道1,592,000
North Chungcheong충청북도忠淸北道1,462,621
South Chungcheong충청남도忠淸南道1,840,410
North Jeolla전라북도全羅北道1,890,669
South Jeolla전라남도全羅南道1,994,287
North Gyeongsang경상북도慶尙北道2,775,890
South Gyeongsang경상남도慶尙南道2,970,929
Special self-governing province (Teukbyeoljachi-do)
জেজু제주특별자치도濟州特別自治道560,000

সংস্কৃতি

[সম্পাদনা কৰক]
BERJAYA
ডানো দিৱসৰ (Dano day) এক দৃশ্য

উত্তৰ আৰু দক্ষিণ কোৰিয়াৰ বৰ্তমান ৰাজনৈতিক বিভক্তিকৰণে আধুনিক কোৰিয়াৰ সংস্কৃতিক অপসাৰণ কৰিছে। তথাপি দুয়ো দেশৰ পাঁচ সহস্ৰাধিক বছৰৰৰ ইতিহাস আৰু বিশ্বৰ প্ৰাচীন ইতিহাসৰো অন্যতম। ১৯৪৮ চনত কোৰিয়া বিভক্ত হোৱাৰ ফলত উত্তৰ কোৰিয়া আৰু দক্ষিণ কোৰিয়াৰ সংস্কৃতিৰ তাৰতম্য দেখা দিছে। প্ৰাচীন কালৰ পৰাই দক্ষিণ কোৰিয়াৰ সংস্কৃতি ইয়াৰ প্ৰতিৱেশী চীনৰদ্বাৰা প্ৰভাৱিত।[2]বৰ্তমানে দক্ষিণ কোৰিয়াৰ সংস্কৃতি হৈছে অত্যাধুনিক। অৰ্থনৈতিক ও সামাজিক উন্নয়নৰ কাৰণে পোচাক-পৰিচ্ছদ, ৰন্ধন, বাসস্থান ইত্যাদিতে জীবনযাত্ৰাৰ মানৰ পৰিৱৰ্তন হৈছে, আৰু ইয়াৰপৰাই সৃষ্টি হৈছে দক্ষিণ কোৰিয়াৰ আধুনিক সংস্কৃতি।

উদ্যোগীকৰণ আৰু নগৰীকৰণে দক্ষিণ কোৰিয়াৰ লোকসকলৰ জীৱনত বহুতো পৰিৱৰ্তন ঘটাইছে। মুখ্য মহানগৰ সমূহত জনসংখ্যা বৃদ্ধিৰ মূল কাৰণ হৈছে: অৰ্থনৈতিক আৰু জীৱনশৈলীৰ পৰিৱৰ্তন।

BERJAYA
দক্ষিণ কোৰিয়াৰ প্ৰাকৃতিক মানচিত্ৰ

দক্ষিণ কোৰিয়াই কোৰিয়ান উপদ্বীপ দখল কৰি আছে আৰু ই এছিয়াৰ মূল ভূ-খণ্ডৰ পৰা ১,১০০ কিঃ মিঃ (৬৮০ মাইল) দূৰত্বলৈকে বিস্তাৰিত হৈ আছে। এই উপদ্বীপটোৰ পশ্চিমে Yellow সাগৰ আৰু পূবে Sea of Japan। ইয়াৰ দক্ষিণ অংশ কোৰিয়া প্ৰণালি আৰু পূব চীন সাগৰ।

দক্ষিণ কোৰিয়াৰ ভূ-ভাগ মূলতঃ পৰ্বতময় এলেকা। নিম্নভূমি মূলতঃ পশ্চিম আৰু দক্ষিণ-পূবত অৱস্থিত। ই মুঠ মাটিকালিৰ ৩০% ভাগ আগুৰি আছে।

পশ্চিম আৰু দক্ষিণ উপকূল অঞ্চলত প্ৰায় ৩০০০টা দ্বীপ আছে। এইবিলাক তেনেই সৰু আৰু তাত কোনো বসতি নাই। জেজু (Jeju) দক্ষিণ উপকূল অঞ্চলৰ পৰা প্ৰায় ১০০ কিঃমিঃ (৬০ মাইল) দূৰত অৱস্থিত। ই দেশখনৰ আটাইতকৈ ডাঙৰ দ্বীপ। ইয়াৰ মুঠ মাটিকালি হৈছে: ১৮৪৫ বৰ্গ কিঃমিঃ(৭১২ বৰ্গ মাইল)।

দক্ষিণ কোৰিয়াৰ সৰ্ব্বোচ্চ স্থান হালাচন(Hallasan), সমুদ্ৰপৃষ্ঠৰ পৰা ১৯৫০ মিঃ (৬,৩৯৮ ফুট) উচ্চতাৰ এটা মৃত আগ্নেয়গিৰি এই জেজু দ্বীপতেই অৱস্থিত। উলেঙদো (Ulleungdo) আৰু ড'ক্ড' (Dokdo), ইয়াৰ উত্তৰ দিশৰ মুখ্য দ্বীপ আৰু মাৰাড' (Marado) আৰু চক'ত্ৰা ৰ'ক (Socotra Rock) হৈছে দক্ষিণ দিশত থকা দ্বীপ।

ইয়াত ২০খন ৰাষ্ট্ৰীয় উদ্যান আৰু জনপ্ৰিয় প্ৰাকৃতিক ঠাই যেনে ব'ছয়ঙ চাহ বাগিচা (Boseong Tea Fields), Suncheon Bay Ecological Park, আৰু প্ৰথম ৰাষ্ট্ৰীয় উদ্যান জিৰিছান (Jirisan) ইয়াতেই অৱস্থিত।[3]

জলবায়ু

[সম্পাদনা কৰক]

দক্ষিণ কোৰিয়াৰ জলবায়ু আৰ্দ্ৰ মহাদেশীয় আৰু আৰ্দ্ৰ মধ্য-বিষুৱীয়। ইয়াৰ জলবায়ু পূব এছীয় মৌচুমী জলবায়ুৰ দ্বাৰা প্ৰভাৱিত। জুন মাহৰ শেষভাগৰ পৰা জুলাই মাহৰ শেষভাগলৈকে ইয়াত বাৰিষা কালত ঘন বৃষ্টিপাত হোৱা দেখা যায় আৰু ইয়াক যাংমা (Jangma) বোলা হয়। শীতকালত ইয়াত বহু বেছি ঠাণ্ডা হয় আৰু সৰ্বনিম্ন উষ্ণতা -২০ ডিগ্ৰী চেলচিয়াছ লৈকে হোৱা দেখা যায়। ছিউলত, জানুৱাৰীত গড় উষ্ণতা -৭ ৰপৰা ১ডিগ্ৰী চেলচিয়াছ (১৯ৰপৰা ৩৩ ডিগ্ৰী ফাৰেনহাইট লৈকে)লৈকে হয়। আনহাতে, আগষ্টত ২২ৰপৰা ৩০ ডিগ্ৰী চেলচিয়াছ (৭১ ৰপৰা ৮৬ ডিগ্ৰী ফাৰেনহাইট লৈকে) লৈকে হোৱা দেখা যায়। দক্ষিণ উপকূলত শীতৰ প্ৰকোপ ভিতৰৰ পৰ্বতময় এলেকাতকৈ বেছি।[4] জহকাল কেতিয়াবা অস্বাচ্ছন্দ্যপূৰ্ণ ভাৱে গৰম আৰু আৰ্দ্ৰ হ'ব পাৰে। দেশ্খনৰ বহুতো ঠাইত উষ্ণতা ৩০ ডিগ্ৰী চেলচিয়াছৰো অধিক হোৱা দেখা যায়। দক্ষিণ কোৰিয়াৰ চাৰিটা ঋতু হৈছে: বসন্ত, জহ, শাৰদীয় আৰু শীতকাল। বসন্ত ঋতু মাৰ্চ মাহৰ শেষভাগৰপৰা মে'ৰ প্ৰথম ভাগলৈকে, জহ কাল মে'ৰ মধ্য ভাগৰ পৰা ছেপ্তেম্বৰৰ প্ৰথম ভাগলৈকে, শাৰদীয় কাল ছেপ্তেম্বৰৰ মধ্যভাগৰপৰা নৱেম্বৰৰ প্ৰথম ভাগলৈকে আৰু শীতকাল নৱেম্বৰৰ মধ্য ভাগৰপৰা মাৰ্চ মাহৰ মধ্য ভাগলৈকে। জুন মাহৰ পৰা ছেপ্তেম্বৰলৈ ধাৰাসাৰ বৰষুণ হয়। দক্ষিণ উপকূলত দেৰিকৈ অহা জহকালিৰ টাইফুনৰ ফলত প্ৰবল বতাহ আৰু বৃষ্টিপাত হয়। ছিউলৰ বাৰ্ষিক গড় বৃষ্টিপাত হৈছে ১,৩৭০ মিঃমিঃ (৫৪ ইঞ্চি) আৰু বুছানৰ ১,৪৭০ মিঃমিঃ (৫৮ ইঞ্চি)। সাময়িক টাইফুন (Typhoon)-ৰ ফলত হোৱা প্ৰবল বতাহ আৰু বানপানী হয়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. "Human Development Report". United Nations. 2011. http://hdr.undp.org/en/media/HDR_2011_EN_Table1.pdf আহৰণ কৰা হৈছে: November 5, 2011.
  2. Fairbank, John K.; Reischauer, Edwin O.; Craig, Albert M. (1978). East Asia: Tradition & Transformation. প্ৰকাশক Boston: Houghton Mifflin. ISBN 0-395-25812-X.
  3. "Korea Nationa Park Service official site". English.knps.or.kr. http://english.knps.or.kr/ আহৰণ কৰা হৈছে: October 29, 2010.
  4. South Korea climate, U.S. Library of Congress, Country studies