close
সমললৈ যাওক

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা

অসমীয়া ৱিকিপিডিয়াৰ পৰা
ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা
BERJAYA
ধৰণ বিশেষজ্ঞ সংস্থা
সক্ৰিয়তা সক্ৰিয়
ৱেবছাইট www.unesco.org

ৰাষ্ট্ৰসংঘ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতি সংস্থা (United Nations Educational, Scientific, and Cultural Organization) বা ইউনেস্কো (UNESCO) হৈছে ৰাষ্ট্ৰসংঘৰ এটা বিশেষ সংস্থা। বিশ্বৰ শিক্ষা, বিজ্ঞান আৰু সংস্কৃতিৰ প্ৰসাৰ আৰু উন্নয়নৰ মাধ্যমত মানুহৰ জীৱন মানৰ উন্নয়ন ঘটোৱা এই সংস্থাৰ প্ৰধান লক্ষ্য। ১৯৪৫ চনৰ নৱেম্বৰ মাহত লণ্ডনত হোৱা এখন সন্মিলনত ইউনেস্কো প্ৰতিষ্ঠাৰ সিদ্ধান্ত লোৱা হয়। ১৯৪৬ চনত এই সংস্থা ৰাষ্ট্ৰসংঘৰ সহায়ক সংস্থা হিচাপে স্বীকৃতি লাভ কৰে। পেৰিছত ইয়াৰ সদৰ দপ্তৰ অৱস্থিত।[1]UNESCO ই মুঠ অসমৰ তিনিখন ( ৩ খন) ঠাইক বিশ্ব ঐতিহ্য ক্ষেত্ৰ(World Heritage site)বুলি স্বীকৃতি দিছে। সেইঠাই‌ তিনিখন হ'ল-‌‌-

i) কাজিৰঙা ৰাষ্ট্ৰীয় উদ্যান

ii) মানাহ ৰাষ্ট্ৰীয় উদ্যান আৰু

iii)চৰাইদেউ মৈদাম ।


re-edited by Fahim[2]

ৰাষ্ট্ৰসংঘৰ সঞ্চালক সকল

[সম্পাদনা কৰক]

প্ৰতিষ্ঠা কালৰ পৰা বৰ্তমানলৈকে সঞ্চালকৰ পদত থকা ব্যক্তিসকল হৈছে:[3]

ৰাষ্ট্ৰসংঘৰ সঞ্চালক
দেশ নাম কাৰ্য্যকাল মন্তব্য
BERJAYA বুলগেৰিয়া ইৰিণা ব'কোভা (ইংৰাজী: Irina Bokova) ২০০৯ - বৰ্তমান
BERJAYA জাপান ক'ইচিৰ' মাতছুৰা (ইংৰাজী: Kōichirō Matsuura) ১৯৯৯ - ২০০৯
BERJAYA স্পেইন ফেডেৰিক' মেয়ৰ জাৰাগ'জা (ইংৰাজী: Federico Mayor Zaragoza) ১৯৮৭ - ১৯৯৯
BERJAYA ছেনেগাল আমাদৌ-মাহতাৰ এম'বো (ইংৰাজী: Amadou-Mahtar M'Bow) ১৯৭৪ - ১৯৮৭
BERJAYA ফ্ৰান্স ৰেণে মাহেউ (ইংৰাজী: René Maheu) ১৯৬১ - ১৯৭৪ ১৯৬১ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
BERJAYA ইটালী ভিত্তোৰিনো ভেৰোনেছে (ইংৰাজী: Vittorino Veronese) ১৯৫৮ - ১৯৬১
BERJAYA আমেৰিকা যুক্তৰাষ্ট্ৰ লুথাৰ ইভান্স (Luther Evans) ১৯৫৩ - ১৯৫৮
BERJAYA আমেৰিকা যুক্তৰাষ্ট্ৰ জন উইলকিন্সন টেইলৰ (John Wilkinson Taylor) ১৯৫২ - ১৯৫৩ ১৯৫২ - ৫৩ চনত ভাৰপ্ৰাপ্ত মহাপৰিচালক
BERJAYA মেক্সিকো জেইম ট'ৰেছ ব'দেত (ইংৰাজী: Jaime Torres Bodet) ১৯৪৮ - ১৯৫২
BERJAYA আমেৰিকা যুক্তৰাষ্ট্ৰ জুলিয়ান হাক্সলে (ইংৰাজী: Julian Huxley) ১৯৪৬ - ১৯৪৮

তথ্যসূত্ৰ

[সম্পাদনা কৰক]
  1. "ইউনেস্কো কাৰ্যালয়ৰ ৱেবচাইট". http://www.unesco.org/new/en/unesco/about-us/who-we-are/introducing-unesco/ আহৰণ কৰা হৈছে: ২৯ ডিচেম্বৰ, ২০১১.
  2. Fahim
  3. UNESCO official site: Directors-General

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]