বিজ্ঞানৰ ক্ষেত্ৰত নাৰী

বিজ্ঞানৰ ক্ষেত্ৰত নাৰীৰ উপস্থিতি বিজ্ঞানৰ ইতিহাসত আদিম কালৰেপৰা পোৱা যায়, য’ত তেওঁলোকে উল্লেখনীয় অৱদান আগবঢ়াইছে। লিংগ আৰু বিজ্ঞানৰ বিষয়ত আগ্ৰহী ইতিহাসবিদসকলে নাৰীৰ বৈজ্ঞানিক প্ৰচেষ্টা আৰু কৃতিত্ব, তেওঁলোকে সন্মুখীন হোৱা বাধা আৰু প্ৰধান বৈজ্ঞানিক পত্ৰিকা তথা অন্যান্য প্ৰকাশনত নিজৰ কামসমূহ প সমীক্ষা আৰু গ্ৰহণযোগ্য কৰাৰ বাবে গ্ৰহণ কৰা কৌশলসমূহৰ ওপৰত গৱেষণা কৰিছে। এই বিষয়সমূহৰ ঐতিহাসিক, সমালোচনাত্মক আৰু সমাজতাত্ত্বিক অধ্যয়ন বৰ্তমান এক স্বতন্ত্ৰ শৈক্ষিক শাখা হিচাপে গঢ়ি উঠিছে।
চিকিৎসা বিজ্ঞানত নাৰীৰ অংশগ্ৰহণ কেইবাটাও প্ৰাচীন পশ্চিমীয়া সভ্যতাত দেখা গৈছিল আৰু প্ৰাচীন গ্ৰীচত প্ৰাকৃতিক দৰ্শনৰ অধ্যয়ন নাৰীৰ বাবে মুকলি আছিল। খ্ৰীষ্টীয় প্ৰথম বা দ্বিতীয় শতিকাত নাৰীয়ে কিমিয়াবিদ্যাৰ প্ৰাক-বিজ্ঞানত অৱদান আগবঢ়াইছিল। মধ্যযুগত ধৰ্মীয় কনভেণ্টসমূহ নাৰী শিক্ষাৰ এক গুৰুত্বপূৰ্ণ স্থান আছিল আৰু ইয়াৰে কিছুমান সম্প্ৰদায়ে নাৰীক পাণ্ডিত্যপূৰ্ণ গৱেষণাত অৱদান আগবঢ়োৱাৰ সুযোগ দিছিল। একাদশ শতিকাত প্ৰথম বিশ্ববিদ্যালয়সমূহৰ উত্থান ঘটিছিল; অৱশ্যে নাৰীসকলক বেছিভাগ ক্ষেত্ৰতে বিশ্ববিদ্যালয়ৰ শিক্ষাৰপৰা বঞ্চিত কৰা হৈছিল।[1] শৈক্ষিক জগতৰ বাহিৰত উদ্ভিদবিজ্ঞান এনে এক বিজ্ঞান আছিল যিটো আদি আধুনিক যুগত নাৰীৰ অৱদানৰদ্বাৰা আটাইতকৈ বেছি উপকৃত হৈছিল।[2] চিকিৎসা বিজ্ঞানৰ ক্ষেত্ৰত নাৰীক শিক্ষা প্ৰদানৰ মনোভাব আন ঠাইতকৈ ইটালীত অধিক উদাৰ আছিল বুলি ধাৰণা কৰা হয়। বিজ্ঞানৰ কোনো এটা শাখাত বিশ্ববিদ্যালয়ৰ অধ্যাপকৰ পদ লাভ কৰা প্ৰথমগৰাকী পৰিচিত নাৰী আছিল ওঠৰ শতিকাৰ ইটালীৰ বিজ্ঞানী লাউৰা বাছি।
ওঠৰ শতিকাত লিংগ ভূমিকাসমূহ মুখ্যত পূৰ্বনিৰ্ধাৰিত আছিল যদিও নাৰীয়ে বিজ্ঞানত যথেষ্ট উন্নতি কৰিছিল। ঊনবিংশ শতিকাত নাৰীক বেছিভাগ আনুষ্ঠানিক বৈজ্ঞানিক শিক্ষাৰপৰা আঁতৰাই ৰখা হৈছিল, কিন্তু এই সময়ছোৱাতে তেওঁলোকে বিভিন্ন শিক্ষিত সমাজত (learned societies) স্থান লাভ কৰিবলৈ আৰম্ভ কৰে। ঊনবিংশ শতিকাৰ শেষৰফালে মহিলা মহাবিদ্যালয়ৰ উত্থানে বিজ্ঞানী মহিলাসকলৰ বাবে চাকৰি আৰু শিক্ষাৰ সুযোগ প্ৰদান কৰে। মেৰী কুৰীয়ে বিজ্ঞানীসকলৰ বাবে তেজস্ক্ৰিয় ক্ষয় অধ্যয়নৰ পথ প্ৰশস্ত কৰিছিল আৰু ৰেডিয়াম তথা পোলোনিয়াম মৌল আৱিষ্কাৰ কৰিছিল।[3] এগৰাকী পদাৰ্থবিজ্ঞানী আৰু ৰসায়নবিদ হিচাপে কাম কৰি তেওঁ তেজস্ক্ৰিয় ক্ষয়ৰ ওপৰত অগ্ৰণী গৱেষণা চলাইছিল আৰু পদাৰ্থ বিজ্ঞানত নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী নাৰী হোৱাৰ লগতে ৰসায়ন বিজ্ঞানত দ্বিতীয়টো নোবেল বঁটা লাভ কৰা প্ৰথমগৰাকী ব্যক্তি হিচাপে পৰিগণিত হৈছিল। ১৯০১ চনৰপৰা ২০২২ চনৰ ভিতৰত ৬০ গৰাকী নাৰীক নোবেল বঁটা প্ৰদান কৰা হৈছে। ইয়াৰে ২৪ গৰাকী নাৰীক পদাৰ্থ বিজ্ঞান, ৰসায়ন বিজ্ঞান, শৰীৰতত্ত্ব বা চিকিৎসা বিজ্ঞানত নোবেল বঁটা প্ৰদান কৰা হৈছে।[4]
আন্তঃসাংস্কৃতিক দৃষ্টিভংগী
[উৎস সম্পাদনা]১৯৭০ আৰু ১৯৮০-ৰ দশকত বিজ্ঞানী মহিলাসকলৰ বিষয়ে বহুতো কিতাপ আৰু প্ৰবন্ধ প্ৰকাশ পাইছিল। প্ৰকাশিত প্ৰায় সকলো উৎসতে বৰ্ণীয় মহিলা (women of color) আৰু ইউৰোপ তথা উত্তৰ আমেৰিকাৰ বাহিৰৰ মহিলাসকলক উপেক্ষা কৰা হৈছিল।[5] ১৯৮৫ চনত কভালেভস্কায়া ফাণ্ড আৰু ১৯৯৩ চনত অৰ্গেনাইজেশ্যন ফৰ উইমেন ইন ছায়েন্স ফৰ দ্য ডেভেলপিং ৱৰ্ল্ডৰ গঠন হোৱাৰ ফলত পূৰ্বে অৱহেলিত বিজ্ঞানী মহিলাসকলে অধিক দৃশ্যমানতা লাভ কৰিছিল। কিন্তু আজিও উন্নয়নশীল দেশসমূহৰ বৰ্তমানৰ আৰু ঐতিহাসিক বিজ্ঞানী মহিলাসকলৰ বিষয়ে তথ্যৰ অভাৱ দেখা যায়। শিক্ষাবিদ এন হিবনাৰ কবলিটজৰ মতে:[6]
বিজ্ঞানী মহিলাসকলৰ ওপৰত কৰা বেছিভাগ কামেই পশ্চিম ইউৰোপ আৰু উত্তৰ আমেৰিকাৰ ব্যক্তিত্ব আৰু বৈজ্ঞানিক উপ-সংস্কৃতিৰ ওপৰত কেন্দ্ৰিত। বিজ্ঞানৰ ক্ষেত্ৰত মহিলাসকলৰ ইতিহাস চৰ্চা কৰা ইতিহাসবিদসকলে পৰোক্ষ বা প্ৰত্যক্ষভাৱে ধৰি লৈছে যে সেই অঞ্চলবোৰৰ বাবে কৰা পৰ্যবেক্ষণসমূহ বিশ্বৰ বাকী অংশৰ বাবেও সঁচা হ’ব।
কবলিটজে কৈছে যে বিজ্ঞানৰ ক্ষেত্ৰত মহিলাৰ বিষয়ে কৰা এই সাধাৰণীকৰণবোৰ প্ৰায়ে আন্তঃসাংস্কৃতিকভাৱে টিকি নাথাকে:[7]
এটা নিৰ্দিষ্ট সময়ত কোনো এখন দেশত যিটো বৈজ্ঞানিক বা কাৰিকৰী ক্ষেত্ৰক 'মহিলাৰ অনুপযুক্ত' বুলি গণ্য কৰা হ’ব পাৰে, আন এটা ঐতিহাসিক সময়ত বা আন এখন দেশত সেই একেটা ক্ষেত্ৰতে বহুতো মহিলাৰ অংশগ্ৰহণ দেখা যাব পাৰে। ইয়াৰ এটা উদাহৰণ হ’ল ইঞ্জিনিয়াৰিং বা অভিযান্ত্ৰিকী, যাক বহু দেশত পুৰুষৰ একচেটিয়া ডমেইন বুলি গণ্য কৰা হয়, বিশেষকৈ বৈদ্যুতিক বা যান্ত্ৰিক অভিযান্ত্ৰিকীৰ দৰে মৰ্যাদাপূৰ্ণ উপ-শাখাসমূহ। অৱশ্যে ইয়াৰ ব্যতিক্ৰমো আছে। প্ৰাক্তন ছোভিয়েট ইউনিয়নত অভিযান্ত্ৰিকীৰ সকলো উপ-শাখাতে মহিলাৰ শতাংশ বেছি আছিল আৰু নিকাৰাগুৱাৰ ইউনিভাৰ্চিডাদ নেচনেল ডি ইঞ্জিনিয়াৰিয়াত ১৯৯০ চনত ৭০ শতাংশ অভিযান্ত্ৰিকীৰ শিক্ষাৰ্থী মহিলা আছিল।
তথ্যসূত্ৰ
[উৎস সম্পাদনা]- ↑ Whaley, Leigh Ann. Women's History as Scientists. Santa Barbara, California: ABC-CLIO, Inc. 2003.
- ↑ "Women in Botany". womeninbotany.ur.de. https://womeninbotany.ur.de/। আহৰণ কৰা হৈছে: 7 April 2023.
- ↑ Rutherford. "Marie Skłodowska-Curie." The Slavonic and East European Review, vol. 13, no. 39, 1935, pp. 673–676. সাঁচ:JSTOR.
- ↑ "Nobel Prize awarded women". NobelPrize.org. https://www.nobelprize.org/prizes/lists/nobel-prize-awarded-women। আহৰণ কৰা হৈছে: 7 April 2023.
- ↑ Pollack, Eileen (2013-10-03). "Why Are There Still So Few Women in Science?" (en-US ভাষাত). The New York Times. ISSN 0362-4331. https://www.nytimes.com/2013/10/06/magazine/why-are-there-still-so-few-women-in-science.html.
- ↑ Ann Hibner Koblitz, "Gender and science where science is on the margins," Bulletin of Science, Technology & Society, vol. 25, no 2 (2005), pp. 107–114.
- ↑ Ann Hibner Koblitz, "Global perspectives," World Science Report 1996, UNESCO, p. 327.
