close
সমললৈ যাওক

বাৰ্বাডোচ

অসমীয়া ৱিকিপিডিয়াৰ পৰা
বাৰ্বাডোচ গণৰাজ্য
Flag of বাৰ্বাডোচ
Flag
Coat of arms of বাৰ্বাডোচ
Coat of arms
Motto: "গৌৰৱ আৰু উদ্যোগ"
Anthem: "ইন প্লেণ্টি এণ্ড ইন টাইম অফ নীড"
Location of বাৰ্বাডোচ
ৰাজধানী
and largest city
ব্ৰীজটাউন স্থানাংক: 13°05′52″N 59°37′06″W / 13.09778°N 59.61833°W / 13.09778; -59.61833
Official languagesইংৰাজী
Recognised regional languagesবজন ক্ৰেঅ'ল
Ethnic groups
(২০১০)
  • ৯১% কৃষ্ণাংগ
  • ৪% শ্বেতাংগ
  • ৩.৫% বহুবৰ্ণ
  • ১% ভাৰতীয়
  • ০.৫% অন্যান্য
ধৰ্ম
Demonymsবাৰ্বাডিয়ান, বাজান (চলিত)
Governmentএকক সংসদীয় গণৰাজ্য
 ৰাষ্ট্ৰপতি
চেন্দ্ৰা মেচন
 মুখ্যমন্ত্ৰী
মিয়া মটলি
LegislatureParliament
Senate
House of Assembly
স্বাধীন 
 সাৰ্বভৌমত্ব
৩০ নৱেম্বৰ ১৯৬৬
 ৰাষ্ট্ৰসংঘত ভৰ্তি
৭ ডিচেম্বৰ ১৯৬৬
 গণৰাজ্য স্থাপিত
৩০ নৱেম্বৰ ২০২১
Area
 Total
439 বৰ্গ কি.মি. (169 বৰ্গ মাইল) (১৮৩তম)
Population
 ২০১৯ estimate
২,৮৭,০২৫ জন (১৮২তম)
 ২০১০ census
২,৭৭,৮২১ জন
 Density
660 /কিমি (1,709.4 /বৰ্গ মাইল) (১৫তম)
GDP (PPP)২০১৯ estimate
 Total
$৫.৩৯৮ বিলিয়ন
 Per capita
$১৮,৭৯৮[2]
GDP (nominal)২০১৯ estimate
 Total
$৫.২০৭ বিলিয়ন
 Per capita
$১৮,১৩৩[2]
HDI (২০১৯)বৃদ্ধি 0.৮১৪[3]
Error: Invalid HDI value (৫৮তম)
Currencyবাৰ্বাডিয়ান ডলাৰ ($) (BBD)
Time zoneUTC−৪ (AST)
Calling code+1 -246
Internet TLD.bb

বাৰ্বাডোচ (ইংৰাজী: Barbados) কেৰিবিয়ান সাগৰৰ দক্ষিণ-পূৱ অঞ্চলত অৱস্থিত এখন দ্বীপ ৰাষ্ট্ৰ। ইয়াৰ দৈৰ্ঘ্য ৩৪ কিলোমিটাৰ (২১ মাইল), প্ৰস্থ ২৩ কিমি (১৪ মাইল) পৰ্যন্ত আৰু ই ৪৩২ বৰ্গ কিমি (১৬৭ বৰ্গ মাইল) এলেকা আৱৰি আছে। ই উত্তৰ আটলাণ্টিকৰ পশ্চিম অংশত, উইণ্ডৱাৰ্ড দ্বীপপুঞ্জ আৰু কেৰিবিয়ান সাগৰৰ পৰা ১০০ কিমি (৬২ মাইল) পূৱত অৱস্থিত।[4] বাৰ্বাডোচ বিষুৱৰেখাৰ উত্তৰত অৱস্থিত। ইয়াৰ ৰাজধানী আৰু সৰ্ববৃহৎ চহৰ হৈছে ব্ৰিজটাউন।

বাৰ্বাডোচৰ বহু সংখ্যক লোক মুখ্যতঃ আফ্ৰিকান মুলৰ যদিও ই কেৰিবিয়ান অঞ্চলৰ সৈতে ওতপ্ৰোতভাৱে জড়িত এটা আটলাণ্টিক দ্বীপ। লগতে এই অঞ্চলৰ এক আগশাৰীৰ পৰ্যটন স্থল হিচাপেও বাৰ্বাডোচে বিশেষ স্থান লাভ কৰিবলৈ সক্ষম হৈছে।[5]

২০২১ চনৰ ৩০ নৱেম্বৰত বাৰ্বাডোচ বিশ্বৰ নবীনতম গণৰাজ্য হিচাপে স্বীকৃতি লাভ কৰে।[6]


ব্যুৎপত্তি

[সম্পাদনা কৰক]

"বাৰ্বাডোচ" নামটোৰ উৎপত্তি দাড়িযুক্ত ডিমৰু গছৰ পৰা হোৱা বুলি বিশ্বাস কৰা হয়। পৰ্তুগীজসকলে ১৫৩৬ চনত ব্ৰাজিললৈ যাওঁতে বাৰ্বাডোচ দ্বীপটো দেখিছিল আৰু দ্বীপটোত পোৱা ডিমৰু গছৰ ওপৰত ভিত্তি কৰি দ্বীপটোক "লছ বাৰ্বাডোচ" বুলি উল্লেখ কৰিছিল।[7]

BERJAYA
দ্বীপটোৰ স্পেনিছ মানচিত্ৰ

খৃষ্টাব্দ ৩৫০ ৰ আশেপাশে দক্ষিণ আমেৰিকা (ভেনিজুৱেলাৰ অৰিনোকো উপত্যক) ৰ পৰা নৌকাৰে আহিবলৈ ধৰা থলুৱা লোক সকল হৈছে বাৰ্বাডোচৰ প্ৰাচীনতম বাসিন্দা। “স্পেনিছ নাবিক” সকলে ১৫ শতিকাৰ শেষৰ ফালে বাৰ্বাডোচ দখল কৰিছিল আৰু ইয়াক “কাষ্টিলৰ মুকুটৰ” বাবে দাবী কৰিছিল। বাৰ্বাডোচ দ্বীপটো প্ৰথমবাৰৰ বাবে ১৫১১ চনত এখন স্পেনিছ মানচিত্ৰত প্ৰকাশ পাইছিল।[8] পৰ্তুগীজ সাম্ৰাজ্যই ১৫৩২ চনৰ পৰা ১৫৩৬ চনৰ ভিতৰত দ্বীপটো দাবী কৰিছিল, কিন্তু পিছলৈ তেওঁলোকে ১৬২০ চনত ইয়াক ত্যাগ কৰিছিল। ১৬২৫ চনৰ ১৪ মে তাৰিখে “অলিভ ব্লছম” নামৰ এখন ইংৰাজী জাহাজ বাৰ্বাডোচত উপস্থিত হৈছিল; ইয়াৰ লোকসকলে (ইংৰাজ) “ৰজা জেমছ প্ৰথম”ৰ নামত দ্বীপটোৰ অধিকাৰ লৈছিল। ১৬২৭ চনত প্ৰথম স্থায়ী বসতিস্থাপনকাৰী ইংলেণ্ডৰ পৰা আহে আৰু বাৰ্বাডোচ ইংৰাজ আৰু পিছলৈ “ব্ৰিটিছ উপনিবেশ”ত পৰিণত হয়।[9] এই সময়ছোৱাত, দ্বীপটোৰ বৃক্ষৰোপণত কাম কৰা “আফ্ৰিকাৰ দাস” সকলৰ শ্ৰমৰ ওপৰত নিৰ্ভৰ কৰি উপনিবেশ অঞ্চলটো বৃক্ষৰোপণ অৰ্থনীতিৰ ওপৰত পৰিচালিত হৈছিল। ১৮০৭ চনৰ “দাস ব্যৱসায়” আইনৰ দ্বাৰা অবৈধ ঘোষণা নোহোৱালৈকে দ্বীপটোৰ দাস ব্যৱসায় অব্যাহত আছিল। দাসত্ত্ব বিলুপ্তি আইন ১৮৩৩ ৰ পিছত পাঁচ বছৰৰ ভিতৰত বাৰ্বাডোচত ক্ৰীতদাস জনসংখ্যাৰ চূড়ান্ত মুক্তি ঘটিছিল।

১৯৬৬ চনৰ ৩০ নৱেম্বৰত বাৰ্বাডোচ এখন স্বাধীন দেশ আৰু কমনৱেলথ ৰাষ্ট্ৰত পৰিণত হয় আৰু “দ্বিতীয় এলিজাবেথ” বাৰ্বাডোচৰ ৰাণী হিচাপে পৰিগণিত হয়। ২০২১ চনৰ অক্টোবৰ মাহত চেন্দ্ৰা মেছনক সংসদৰ দ্বাৰা বাৰ্বাডোচৰ প্ৰথম ৰাষ্ট্ৰপতি হোৱাৰ বাবে নিৰ্বাচিত কৰা হয়।

২০২১ চনৰ ৩০ নৱেম্বৰত চেন্দ্ৰা মেছনে “ৰাণী এলিজাবেথ”ক ৰাষ্ট্ৰপ্ৰধান হিচাপে স্থানান্তৰিত কৰে, আৰু বাৰ্বাডোচ “কমনৱেলথ অৱ নেশ্যনছৰ” ভিতৰত এখন নবীনতম গণৰাজ্যলৈ পৰিৱৰ্তন হয়।[10][11]

ভূগোল আৰু জলবায়ু

[সম্পাদনা কৰক]
BERJAYA
বাৰ্বাডোচৰ মানচিত্ৰ

বাৰ্বাডোচ অন্যান্য ৱেষ্ট ইণ্ডিজ দ্বীপপুঞ্জৰ পূবে আটলাণ্টিক মহাসাগৰত অৱস্থিত। বাৰ্বাডোচ হৈছে লেচাৰ এণ্টিলছৰ আটাইতকৈ পূব দিশত স্থিত এটা সৰু দ্বীপ। ই পশ্চিমে ইয়াৰ চুবুৰীয়া দ্বীপপুঞ্জ ৱিণ্ডৱাৰ্ডৰ তুলনাত সমতল। দ্বীপটো লাহেকৈ স্কটলেণ্ড ডিচত্ৰিক্ট নামেৰে জনাজাত কেন্দ্ৰীয় উচ্চভূমি অঞ্চললৈ উন্নীত হয়, যাৰ উচ্চ বিন্দু হৈছে সাগৰ পৃষ্ঠৰ পৰা ৩৪০ মিটাৰ ওপৰৰ “মাউণ্ট হিলাবাই”।[12]

জলবায়ু

[সম্পাদনা কৰক]

দেশখনত সাধাৰণতে দুটা ঋতু অনুভৱ হয়, যাৰ ভিতৰত এটাত লক্ষণীয়ভাৱে অধিক বৰষুণ অন্তৰ্ভুক্ত থাকে যাক "বৰ্ষা ঋতু" বুলি জনা যায়, এই সময় জুনৰ পৰা ডিচেম্বৰ লৈকে চলে। ইয়াৰ বিপৰীতে, "শুকান ঋতু" ডিচেম্বৰৰ পৰা মে’ লৈ চলে। ইয়াৰ বছৰি গড় বৃষ্টিপাত প্ৰায় 60 ইঞ্চি (1,525 মিমি)। ডিচেম্বৰৰ পৰা মে' মাহলৈ গড় তাপমাত্ৰা ২১° ৰ পৰা ৩১°চেলচিয়াছ (৭০ ৰ পৰা ৮৮° ফাৰেনহাইট)ৰ ভিতৰত হয়, আনহাতে জুন আৰু নৱেম্বৰৰ ভিতৰত, উষ্ণতা ২৩° ৰ পৰা ৩১° চেলচিয়াছ (৭৩ ৰ পৰা ৮৮ °ফাৰেনহাইট)ৰ ভিতৰত হয়।[13]

কোপেনৰ জলবায়ু শ্ৰেণীবিভাজন স্কেলত, বাৰ্বাডোচৰ বেছিভাগ অংশক ক্ৰান্তীয় মৌচুমী জলবায়ু (এএম) হিচাপে গণ্য কৰা হয়। অৱশ্য অঞ্চলটোত গোটেই বছৰ ১২ ৰ পৰা ১৬ কি:মি/ঘণ্টা (৭ ৰ পৰা ১০ মাইল প্ৰতি ঘণ্টা) গতিত প্ৰচুৰ পৰিমাণে বলা বতাহে ইয়াক এক বিশেষ জলবায়ু প্ৰদান কৰে যি মধ্যমীয়া ক্ৰান্তীয়।[14]

জনগাঁথনি

[সম্পাদনা কৰক]
BERJAYA
বাৰ্বাডোচৰ এখন বাছস্থান।
BERJAYA
ৰাজধানী ব্ৰিজটাউনত বজাৰ কৰা লোকসকল।

বাৰ্বাডোচৰ ষ্টেটিষ্টিকেল চাৰ্ভিচে চলোৱা ২০১০ চনৰ ৰাষ্ট্ৰীয় লোকপিয়লত আনুমানিক ২৭৭,৮২১জন আৱাসী জনসংখ্যা পোৱা গৈছিল, যাৰ ভিতৰত ১৪৪,৮০৩ গৰাকী মহিলা আৰু ১৩৩,০১৮জন পুৰুষ আছিল।[15]

২০২০ চনলৈকে বাৰ্বাডোচৰ বাসিন্দাসকলৰ গড় আয়ুস ৮০ বছৰ আছিল। মহিলাৰ বাবে গড় আয়ুস হৈছে ৮৩ বছৰ আৰু পুৰুষৰ বাবে ৭৯ বছৰ (২০২০)।

বাৰ্ষিক জন্মৰ হাৰ হৈছে প্ৰতি ১,০০০ লোকত ১২.২৩জন জন্ম, আৰু বাৰ্ষিক মৃত্যুৰ হাৰ হৈছে প্ৰতি ১,০০০ লোকত ৮.৩৯জন মৃত্যু। নৱজাতকৰ মৃত্যুৰ হাৰ হৈছে প্ৰতি ১,০০০ জীৱিত জন্মৰ ১১.৬৩টা নৱজাতকৰ মৃত্যু।[16]

জাতিগত গোটসমূহ

[সম্পাদনা কৰক]

সকলো বাৰ্বাডিয়ানৰ প্ৰায় ৯০ শতাংশ আফ্ৰো-কেৰিবিয়ান বংশোদ্ভূত আৰু মিশ্ৰিত বংশোদ্ভূত। জনসংখ্যাৰ বাকী অংশত মুখ্যতঃ যুক্তৰাজ্য, আয়াৰলেণ্ড, জাৰ্মানী আৰু ইটালীৰ ইউৰোপীয়সকলৰ গোট অন্তৰ্ভুক্ত আছে। অন্যান্য ইউৰোপীয় গোটবোৰত ফৰাচী, অষ্ট্ৰিয়ান, স্পেনীয় আৰু ৰাছিয়ান আছিল। এছিয়ান মুখ্যতঃ হংকং আৰু ভাৰতৰ লোকজনসংখ্যাৰ ১% তকৈও কম ইয়াত বসবাস কৰে। বাৰ্বাডোচৰ অন্যান্য গোটবোৰৰ ভিতৰত আছে আমেৰিকা যুক্তৰাষ্ট্ৰ আৰু কানাডাৰ লোকসকল।[17]

ইংৰাজী হৈছে বাৰ্বাডোচৰ চৰকাৰী ভাষা, আৰু সমগ্ৰ দ্বীপত যোগাযোগ, প্ৰশাসন আৰু ৰাজহুৱা সেৱাৰ বাবে ব্যৱহাৰ কৰা হয়। দেশৰ চৰকাৰী ভাষা হিচাপে ইয়াৰ ক্ষমতাত, ইংৰাজীৰ মানদণ্ড শব্দভাণ্ডাৰ, উচ্চাৰণ, বানান আৰু প্ৰথাৰ সৈতে খাপ খায়, কিন্তু ব্ৰিটিছ ইংৰাজীৰ দৰে একে নহয়। অৱশ্যে বেছিভাগ লোকৰ বাবে, "বাজান ক্ৰিওল" হৈছে দৈনন্দিন জীৱনৰ ভাষা। ইয়াৰ কোনো লিখিত ৰূপ নাই; যদিও দেশ খনৰ বহু লোকে ইয়াক ব্যৱহাৰ কৰে।

BERJAYA
কেথেড্ৰেল চাৰ্চ অৱ ছেইণ্ট মাইকেল এণ্ড অল এঞ্জেলছ, ব্ৰিজটাউন

খ্ৰীষ্টান ধৰ্ম হৈছে বাৰ্বাডোচৰ সৰ্ববৃহৎ ধৰ্ম, যাৰ সৰ্ববৃহৎ সম্প্ৰদায় হৈছে এংলিকান (২০১৯ চনত জনসংখ্যাৰ ২৩.৯%)। বাৰ্বাডোচত গুৰুত্বপূৰ্ণ অনুসৰণ কৰা অন্যান্য খ্ৰীষ্টান সম্প্ৰদায়বোৰ হৈছে কেথলিক গীৰ্জা (ব্ৰিজটাউনৰ ৰোমান কেথলিক ডায়চিছৰ দ্বাৰা পৰিচালিত), পেণ্টেকোষ্টাল (১৯.৫%), যিহোৱাৰ সাক্ষী, সপ্তম দিনৰ এডভেণ্টিষ্ট গীৰ্জা আৰু আধ্যাত্মিক বেপ্টিষ্ট। স্বাধীনতাৰ পিছত বাৰ্বাডোচৰ সংসদৰ দ্বাৰা আইনী ভাৱে অপ্ৰতিষ্ঠা নোহোৱালৈকে ইংলেণ্ডৰ গীৰ্জা চৰকাৰী ৰাজ্যিক ধৰ্ম আছিল। ২০১৯ চনলৈকে, ২১% বৰ্বাডিয়ানৰ কোনো ধৰ্ম নাই বুলি প্ৰতিবেদন দিয়া হৈছে, যাৰ ফলত অধৰ্মীয় সকল এংলিকানসকলৰ পিছত দ্বিতীয় সৰ্ববৃহৎ গোট হৈ পৰিছে। বাৰ্বাডোচৰ সৰু ধৰ্মসমূহৰ ভিতৰত আছে হিন্দু ধৰ্ম, ইছলাম, বাহাই বিশ্বাস আৰু ইহুদী ধৰ্ম।[18]

দেশ খনক ধৰ্মনিৰপেক্ষ বুলি গণ্য কৰা হয় আৰু দেশৰ আইনে সকলোৰে বাবে ধৰ্ম বা বিশ্বাসৰ স্বাধীনতা নিশ্চিত কৰে।[19]

চৰকাৰ আৰু ৰাজনীতি

[সম্পাদনা কৰক]

১৯৬৬ চনৰ ৩০ নৱেম্বৰত স্বাধীন লাভ কৰা বাৰ্বাডোচ দেশখন ব্ৰিটিছ ৱেষ্টমিনষ্টাৰ প্ৰণালীৰ আৰ্হিত সংসদীয় গণৰাজ্য হিচাপে কাৰ্য কৰে। ৰাষ্ট্ৰপ্ৰধান হৈছে বাৰ্বাডোচৰ ৰাষ্ট্ৰপতি; যি বাৰ্বাডোচৰ সংসদৰ দ্বাৰা নিৰ্বাচিত হয় আৰু বাৰ্বাডোচৰ প্ৰধানমন্ত্ৰীৰ হৈছে চৰকাৰৰ মুৰব্বী। শ্ৰীমতী মিয়া মটলীয়ে ২০১৮ চনৰ ২৫ মে'ত বাৰ্বাডোচৰ অষ্টম প্ৰধানমন্ত্ৰী আৰু সেই পদত অধিষ্ঠিত হোৱা প্ৰথম মহিলা হিচাপে শপত গ্ৰহণ কৰিছিল।[20] বাৰ্বাডোচৰ সংবিধান হৈছে দেশৰ সৰ্বোচ্চ আইন।

আধুনিক বাৰ্বাডোচৰ ৰাজনীতিত মুখ্যতঃ ২ টা দলৰ আধিপত্য আছ।[21] ইয়াৰ প্ৰভাৱশালী ৰাজনৈতিক দল দুটা হৈছে ডেমক্ৰেটিক লেবাৰ পাৰ্টি আৰু বৰ্তমানৰ বাৰ্বাডোচ লেবাৰ পাৰ্টি। স্বাধীনতাৰ পিছৰে পৰা ডেমক্ৰেটিক লেবাৰ পাৰ্টি (ডিএলপি) য়ে ১৯৬৬ চনৰ পৰা ১৯৭৬ চনলৈ; ১৯৮৬ ৰ পৰা ১৯৯৪; আৰু ২০০৮ চনৰ পৰা ২০১৮ চনলৈ শাসন কৰি আহিছে। বাৰ্বাডোছ লেবাৰ পাৰ্টি (বিএলপি)য়ে ১৯৭৬ চনৰ পৰা ১৯৮৬ লৈ; ১৯৯৪ ৰ পৰা ২০০৮; আৰু ২০১৮ চনৰ পৰা বৰ্তমানলৈ শাসনৰ ক্ষমতাত আছে।[22]


তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]
  1. উদ্ধৃতি ত্ৰুটি: অবৈধ <ref> টেগ; cia নামৰ refৰ বাবে কোনো পাঠ্য প্ৰদান কৰা হোৱা নাই
  2. 1 2 "Report for Selected Countries and Subjects". www.imf.org. https://www.imf.org/external/pubs/ft/weo/2019/01/weodata/weorept.aspx?pr.x=65&pr.y=5&sy=2017&ey=2024&scsm=1&ssd=1&sort=country&ds=.&br=1&c=316&s=NGDPD,PPPGDP,NGDPDPC,PPPPC&grp=0&a= আহৰণ কৰা হৈছে: 18 March 2021.
  3. Human Development Report 2020 The Next Frontier: Human Development and the Anthropocene. United Nations Development Programme. 15 December 2020. পৃষ্ঠা. 343–346. ISBN 978-92-1-126442-5. http://hdr.undp.org/sites/default/files/hdr2020.pdf আহৰণ কৰা হৈছে: 16 December 2020.
  4. Chapter 4 – The Windward Islands and Barbados Archived 4 October 2018 at the Wayback Machine – U.S. Library of Congress
  5. Belle, Nicole; Bramwell, Bill (1 August 2005). "Climate Change and Small Island Tourism: Policy Maker and Industry Perspectives in Barbados". Journal of Travel Research খণ্ড 44: 34–38. doi:10.1177/0047287505276589.
  6. "Barbados – the world’s newest republic.". https://indianexpress.com/article/explained/barbados-republic-history-queen-elizabeth-sandra-mason-764 আহৰণ কৰা হৈছে: ৩১ জানুৱাৰী ২০২২.
  7. "About Barbados.". https://barbados.org/barbados-bearded-fig-tree.htm#.YfeKdRjhVPw আহৰণ কৰা হৈছে: 31 January 2022.
  8. Sauer, Carl Ortwin (1969). [[[:সাঁচ:GBurl]] Early Spanish Main, The]. University of California Press. পৃষ্ঠা. 192–197. ISBN 0-520-01415-4. সাঁচ:GBurl.
  9. Secretariat. "Barbados – History". Commonwealth of Nations. Archived from the original on 20 August 2014. https://web.archive.org/web/20140820080026/http://thecommonwealth.org/our-member-countries/barbados/history আহৰণ কৰা হৈছে: 30 January 2022.
  10. Said-Moorhouse, Lauren; Foster, Max (2021-11-30). "Barbadians celebrate the birth of a republic and bid farewell to the Queen". CNN. https://edition.cnn.com/2021/11/29/americas/barbados-bids-farewell-to-queen-intl-cmd/index.html আহৰণ কৰা হৈছে: 2022-01-29.
  11. Safi, Michael (30 November 2021). "Barbados parts way with Queen and becomes world's newest republic". The Guardian. https://www.theguardian.com/world/2021/nov/30/at-the-stroke-of-midnight-barbados-becomes-the-worlds-newest-republic.
  12. Encylopedia Britannica- Barbados
  13. https://www.britannica.com/place/Barbados/Climate
  14. https://www.weather-atlas.com/en/barbados-climate#:~:text=Flag%20of%20Barbados-,The%20climate%20of%20Barbados,temperatures%20in%20the%20dry%20season Archived 2022-02-02 at the Wayback Machine.
  15. "আৰ্কাইভ কপি". Archived from the original on 2022-02-03. https://web.archive.org/web/20220203040358/https://stats.gov.bb/census/2010-census-tables/2010-census-tables-table-a/ আহৰণ কৰা হৈছে: 2022-02-03.
  16. https://worldpopulationreview.com/countries/barbados-population
  17. https://worldpopulationreview.com/countries/barbados-population
  18. "আৰ্কাইভ কপি". Archived from the original on 2021-06-16. https://web.archive.org/web/20210616152902/https://www.thearda.com/internationalData/countries/Country_20_2.asp আহৰণ কৰা হৈছে: 2022-02-03.
  19. https://fot.humanists.international/countries/americas-caribbean/barbados/
  20. https://barbados.org/govt.htm#.Yfo2YOpBzIU
  21. https://www.nationsencyclopedia.com/economies/Americas/Barbados-POLITICS-GOVERNMENT-AND-TAXATION.html
  22. https://www.nationsencyclopedia.com/economies/Americas/Barbados-POLITICS-GOVERNMENT-AND-TAXATION.html