close
সমললৈ যাওক

পৰিস্থিতি বিজ্ঞান

অসমীয়া ৱিকিপিডিয়াৰ পৰা
পৰিস্থিতি বিজ্ঞান
BERJAYA
BERJAYABERJAYA
BERJAYABERJAYA
পৰিস্থিতি বিজ্ঞানে গ্ৰহটোৰ অতি ক্ষুদ্ৰ বেক্টেৰিয়াটোৰ পৰা আৰম্ভ কৰি জীৱনৰ সম্পূৰ্ণ পৰিসৰক সাঙুৰি লয়।

পৰিস্থিতি বিজ্ঞান (ইংৰাজী: Ecology) হৈছে কোনো এটা নিৰ্দিষ্ট অঞ্চলৰ ভৌতিক পৰিৱেশৰ লগত সেই অঞ্চলৰ সকলো প্ৰকাৰৰ জীৱৰ আন্তঃক্ৰিয়াসমূহৰ বৈজ্ঞানিক অধ্যয়ন। জীৱবিজ্ঞান আৰু ভূবিজ্ঞানক সাঙুৰি ই এটা বহু শাখাযুক্ৰ ক্ষেত্ৰ। পৰিস্থিতি বিজ্ঞানে জীৱসমূহৰ পৰস্পৰৰ, অন্য জীৱ আৰু পৰিৱেশৰ অজৈৱ উপাদানৰ লগত কৰা আন্তঃক্ৰিয়াসমূহৰ অধ্যয়ন কৰে। কোনো এটা জীৱৰ বিচিত্ৰতা, বিস্তাৰ, পৰিমাণ (জৈৱভৰ), আৰু সংখ্যা (জনসংখ্যা); লগতে অন্য জীৱৰ সৈতে কৰা সহযোগিতা আৰু প্ৰতিযোগিতা, আদি পৰিস্থিতিবিদৰ বাবে আগ্ৰহৰ বিষয়।

পৰিস্থিতি বিজ্ঞান, পৰিৱেশ, পৰিৱেশতত্ত্ব, পৰিৱেশীয় ইতিবৃত্ত বা পৰিৱেশ বিজ্ঞানৰ সমাৰ্থক নহয়। ই বিৱৰ্তনীয় জীৱবিদ্যা, বংশগতিবিদ্যা, আৰু এথ'লজিৰ নিকট সম্বন্ধীয়। পৰিস্থিতি বিজ্ঞানীয়ে তলৰ বিষয়বোৰৰ বিশ্লেষণ কৰাৰ প্ৰচেষ্টা কৰে:

  • জীৱন প্ৰক্ৰিয়া, আন্তঃক্ৰিয়া আৰু অভিযোজন,
  • জীৱন মাজেৰে প্ৰৱাহিত পদাৰ্থ আৰু শক্তি,
  • পৰিৱেশ তন্ত্ৰৰ বিকাশ,
  • পৰিৱেশৰ ভিত্তিত জীৱৰ পৰিসৰ আৰু বিস্তাৰ আৰু জৈৱবিচিত্ৰতা।

পৰিস্থিতি বিজ্ঞান একপ্ৰকাৰৰ মানৱ বিজ্ঞান। সংৰক্ষণ জীৱবিদ্যা, জলাশয় পৰিচালনা, পাকৃতিক সম্পদ পৰিচালনা (কৃষিপৰিস্থিতি বিজ্ঞান, কৃষি, বনাঞ্চল, মীন পালন), নগৰ পৰিচালনা (নগৰ পৰিস্থিতি বিজ্ঞান), সামাজিক স্বাস্থ্য, অৰ্থনীতি, সাঘাৰণ বিজ্ঞান আৰু প্ৰায়োগিক বিজ্ঞান, আৰু মানুহৰ সামাজিক আন্তঃক্ৰিয়া (মানৱ পৰিস্থিতি বিজ্ঞান) আদি বিভিন্ন দিশত ইয়াৰ ব্যৱহাৰিক প্ৰয়োগ দেখা পোৱা যায়।

তথ্য সংগ্ৰহ

[সম্পাদনা কৰক]

বাহ্যিক সংযোগ

[সম্পাদনা কৰক]